ভূটান সম্পৰ্কে এক চমু দৃষ্টিপাত

0
138

@ অজিত ৰাভা
অসম সীমান্তৰ গাতে লাগি থকা অন্যতম চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। এখন সৰু দেশ আৰু বৰ্তমান সমগ্ৰ বিশ্বত যি অশান্তিয়ে বিৰাজ কৰি আছে তেনে সময়তো বৌদ্ধ ধৰ্মাৱলম্বী সহজ-সৰল লোকৰ শান্তি প্ৰিয় দেশ ভূটান। এই ৰাষ্ট্ৰখনে গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছে যদিও নাম মাত্ৰহে, বৰ্তমানো ৰাজ শাসনৰ ওৰ পৰা নাই। এই দেশৰ লোকসকলে ভূটিয়া ভাষা ব্যৱহাৰ কৰে যদিও নেপালী, হিন্দী আৰু ইংৰাজী শুদ্ধকৈ ক’ব পাৰে।
অতিকৈ গুৰুত্বপূৰ্ণ কথা যে এই দেশখনত নেপালী ভাষা ক’ব পাৰিলে আৰু একো চিন্তা কৰিবলগীয়া নাই। ভূটানৰ ভিতৰলৈ যাবলৈ হ’লে ভাৰতবৰ্ষৰ মানুহে কোনো ধৰণৰ অনুমতি বা নথিপত্র দেখুৱাব নালাগে। সৰু দেশ হিচাপে ইয়াৰ জনবসতি কম৷ চাৰিওফালে পৰ্বত পাহাৰৰে আগুৰি আছে আৰু ইয়াত অপৰাধীকসকলক অলপ পৃথকভাৱে কঠোৰ আইনৰে দণ্ডিত কৰা হয়। সেইবাবেই হয়তো এই দেশখনৰ অপৰাধীৰ সংখ্যা কম।
এই দেশৰ লোকসকলৰ পৰম্পৰা অনুসৰি মহিলাসকলে চুলি চুটিকৈ ৰাখিব লাগে আৰু সকলোৱে জামা পিন্ধি থাকিব লাগে। আজিকালি অৱশ্যে এই নিয়মসমূহ শিথিল কৰি দিছে। আমাৰ দেশ ভাৰতৰ দৰেই সাজ-পোছাক পৰিধান কৰিব পাৰে৷ এই ৰাষ্ট্ৰখনত গাড়ী চলালে বিশেষকৈ দুচকীয়া বাহন অথবা চাইকেল চলাই গ’লেও হেলমেট পৰিধান কৰিব লাগে। ইয়াত অসম তথা ভাৰততকৈ পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত পাঁচ টকাকৈ কমত পোৱা যায়। তেওঁলোকে নিজৰ ঠাইখন পৰিস্কাৰ কৰি ৰখাত বেছি গুৰুত্ব দিয়ে৷
ভাৰতবৰ্ষৰ পৰা এই দেশখনে আৰ্থিক সহায়-সুবিধাকে ধৰি সকলো বস্তুৰে আদান-প্ৰদান কৰে যদিও ৰাষ্ট্ৰখনে ভাৰতৰ পৰা মদ আৰু শাক-পাচলি এই দুটা বস্তু ব্যৱহাৰ নকৰে৷ মদ তেওঁলোকৰ চৰকাৰে নিজাকৈ উৎপাদন কৰাটোহে ব্যৱহাৰ কৰে৷ কিন্তু দিনৰ এক বজাৰ আগতে কোনো লোকে মদ খাব নোৱাৰে আৰু শাক-পাচলিসমূহ অসমৰ খেতিয়কে অত্যাধিক মাত্ৰাত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা বাবে তেওঁলোকে নিজে খেতি কৰি উৎপাদন কৰা শাক-পাচলিহে ব্যৱহাৰ কৰে।
উল্লেখনীয় য়ে ভূটানৰ কমলা টেঙা বুলি ক’লে আৰু কবলগীয়া নাই৷ সমগ্ৰ অসমতে ইয়াৰ চাহিদা আছে। বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰ মহকুমাৰ ১২৭ ডি নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে যোৱা অৰ্থাৎ মহকুমাটোৰ সীমান্তত লাগি থকা “চান্দ্ৰৰূপঞংকাৰ” সৰু চহৰখনত প্ৰায়ে বিদেশী পৰ্যটক অহা-যোৱা কৰে। এই ৰাষ্ট্ৰখনত পৰ্যটনৰ উদ্যোগ নাই যদিও শান্তিপ্ৰিয় দেশ হিচাপে বছৰৰ প্ৰতিটো ঋতুতে দেশী-বিদেশী পৰ্যটকেৰে ভৰি থাকে।

লেখকৰ ঠিকনা : তামুলপুৰ
জিলা : বাক্সা (বিটিএডি), অসম

মন্তব্য দিয়ক