বৃহত্তৰ নাগালিমৰ “ফ্রেম ৱৰ্ক এগ্রিমেন্ট” আৰু মুখ্যমন্ত্রী সর্বানন্দ সোনােৱালৰ স্থিতি অসমৰ বাবে অশনি সংকেত

0
98

@ দেবব্ৰত শইকীয়া
বিধায়ক তথা বিৰোধী দলপতি, অসম চৰকাৰ

২০১৫ চনত অসমবাসী ৰাইজৰ অজ্ঞাতে ভাৰত চৰকাৰে এন.এছ.চি.এন (আই এম)ৰ সৈতে বৃহত্তৰ নাগালিমৰ ‘ফ্ৰেমৱৰ্ক এগ্রিমেন্ট’ সম্পাদিত কৰাক কেন্দ্ৰ কৰি ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহে অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে ইয়াক ৰাজহুৱা কৰাৰ দাবীত বিভিন্ন গণ আন্দোলন ৰূপায়ণ কৰি অহাৰ সময়তে অসমৰ মাটিত নগাৰ অবাধ আগ্রাসনিক কেন্দ্ৰ কৰি শেহতীয়াকৈ আমি অতি শংকিত হৈ পৰিছে যে এই আগ্রাসন গ্রেটাৰ নাগালিমৰেই অংশ অথবা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ গ্রেটাৰ নাগালিমৰ প্ৰতি মৌন সমর্থন নেকি ? গ্রেটাৰ নাগালিমৰ ‘ফ্ৰেম ৱৰ্ক এগ্রিমেন্ট’ সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলে যি সময়ত বিধানসভাৰ বিশেষ অধিবেশন দাবী কৰি আহিছে৷ সেইসময়ত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱতী বিহুবৰ ঔগুৰি জানত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ একাংশ নগালোকে চলে বলে কৌশলে অসমৰ মাটি বে-দখল কৰি ঘৰ-বাৰী সাজি খেতি-বাতি কৰি নিগাজিকৈ থাকিবলৈ লোৱাৰ লগতে আন একাংশ নগালোকে অসমৰ সীমান্তৱতী অঞ্চলত হিংসাত্মক কার্যকলাপ সংগঠিত কৰি অসমীয়া লোকৰ ওপৰত অবর্ণনীয় অত্যাচাৰ অব্যাহত ৰখাৰ অভিযোগ উঠিছে৷
আনকি নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱতী অঞ্চলত অসমীয়া লোকক নগালোকে ধন দাবী কৰাৰাে গুৰুতৰ অভিযোগ প্রকাশ পাইছে। অসম-নাগালেণ্ড সীমান্তত বিৰাজ কৰা এনে উত্তেজনাময় পৰিস্থিতিৰ পিছতো কেন্দ্রীয় গৃহমন্ত্রী তথা অসমৰ মুখ্যমন্ত্রীক সর্বানন্দ সোনোৱাল ডাঙৰীয়া কার্যতঃ নির্বক আৰু মৌন হৈয়ে ৰ’ল। কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিং আৰু অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালে নাগাচুক্তিয়ে অসমৰ ভৌগোলিক অখণ্ডতাৰ ওপৰত আঘাট নকৰে বুলিও অভয়বাণী প্ৰদান কৰাৰ সময়ত এন.এছ.চি.এন. (আই এম) এ অসম-নাগালেণ্ডৰ সীমান্তৱতী অসমীয়া ৰাইজক কৰ পৰিশোধৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰা ঘটনাই অসমৰ জনগণক উদ্বিগ্ন কৰি তুলিছে। অসমৰ ভূমিৰ এক ইঞ্চিও বাংলাদেশক নিদিও বুলি প্রাক নির্বাচনী প্রতিশ্রুতিৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হােৱা মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালৰ কথা আৰু কামৰ সামঞ্জস্যহীনতাই প্রমাণ কৰে যে তেওঁৰ দিল্লীৰ সিদ্ধান্ত মানিবলৈ বাধ্য।
অসমবাসী ৰাইজে আশংকা কৰা দৰেই যদি বৃহত্তৰ নাগালিমৰ “ফেম ৱৰ্ক এগ্রিমেন্ট” ৰাজহুৱা নকৰা বাবেই অসমৰ ভু-খণ্ডত নগাৰ আধিপত্য কৰিবলৈ সক্ষম হয় তাতকৈ আৰু অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক ঘটনা নাথাকিব। নগাই দখল কৰা অসমৰ ভূ-খণ্ড নােগালিমত অন্তর্ভুক্তিৰ ষড়যন্ত্র সফল কৰিবলৈকে যদি কেন্দ্ৰই অসমৰ নগালোক বসতিপ্ৰদান অঞ্চলসমূহ কৌশলেৰে শাসন চলাবলৈ নগাৰাজ্যই চেটেলাইত শাসন পদ্ধতিৰ সংস্কৰণ অথবা স্বায়ত্ব শাসিত নগা অধ্যুষিত এলেকা সৃষ্টি কৰি অসমৰ স্বকীয়তা বিনষ্ট কৰিব পৰা সিদ্ধান্ত গ্রহণ কৰে অথবা অসম চৰকাৰৰ আধিপত্য বিলুপ্ত কৰিব পৰা যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে আমি সজোৰে প্ৰতিবাদ জনাইছো । মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাংলাদেশক এক ইঞ্চিও মাটি এৰি নিদিওঁ বুলি মূৰকত কেন্দ্ৰৰ সিদ্ধান্তক মৌনতাৰে সমৰ্থন জনাই নিশ্চুপ হৈ ৰােৱাৰ দৰে অসমৰ ভূমিত গ্রেটাৰ নাগালিমৰ সিদ্ধান্তকো কেন্দ্ৰই জাপি দিলে মৌনতাৰে সমৰ্থন জনাই যাব বুলি আশংকা বৃদ্ধি পাই আহিছে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে অসমৰ ভূমিক অসম চৰকাৰৰ পূৰ্ণ আধিপত্য বজাই ৰাখিবলৈ নগাৰ আগ্রাসন আৰু সন্ত্ৰাসৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ সৈতে হােৱা নগাচুক্তি ৰাজহুৱা কৰিবৰ কাৰণে দাবী জনাইছে আৰু নগাৰ অবৈধ আগ্রাসন প্রতিহত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিলো। অসম নাগালেণ্ড সীমান্তৱতী নাজিৰা মহকুমাত ইতিপূর্বে ওপৰনামচাই গেলেকী আৰু হাতীগড়ত বি.অ.পি. স্থাপনৰ বাবে অসম চৰকাৰে ইতিমধ্যে অনুমোদন জনােৱাৰ পিছতো উক্ত সংঘৰ্ষৰে জৰ্জৰিত অঞ্চলসমূহত বি.অ.পি. স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাটো উদ্বেগজনক।

# গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অক্সিজেন যোগান নিশ্চিত কৰক।
# স্বাস্থ্যমন্ত্রীয়ে ন-ন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পৰিৱৰ্তে অসমৰ প্ৰতিষ্ঠিত চিকিৎসালয় সমূহত আধুনিক চিকিৎসা বিজ্ঞানৰ সা-সুবিধাৰে সমৃদ্ধ কৰাত মনোনিবেশ কৰক।
# ৰাজ্যৰ অতি পুৰণি অসম চিকিৎসা মহাবিদ্যালয়ত আধুনিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক

ৰাজ্যৰ স্বাস্থ্যখণ্ডত ব্যাপক উন্নতি ঘটা বুলি ৰাজকোষৰ ধন ব্যয় কৰি বিভিন্ন মাধ্যমত ঢাক-ঢোল বজাই অহাৰ সময়তে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ব্যাপক নৈৰাজ্য সৃষ্টি হােৱা বুলি অভিযোগ উঠিছে। ৰাজ্যৰ চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ যোগান অনিয়মীয়া হােৱাৰ উপৰিও প্রধান চিকিৎসালয় কেইখনতে নিম্নতম সা-সুবিধাখিনিৰ অভাৱত ৰােগীসকলে তীব্র সংকটত ভূগিবলগীয়া হৈছে। খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে অহা নৱেম্বৰৰ পৰা অক্সিজেন যোগান বন্ধ কৰা হ’ব বুলি যোগানকাৰী সংস্থাটােৱে স্বাস্থ্য বিভাগক ইতিমধ্যে অৱগত কৰিছে। যোৱা দুবছৰ ধৰি অক্সিজেন যোগান ধৰি অহা সংস্থাটােক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ছয় কোটি টকা সংস্থাটােক দিবলৈ বাকী আছে। বিগত সময়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, মুখ্যমন্ত্রী, স্বাস্থ্য সচিব, সকলোকে অৱগত কৰাৰ পিছতো বর্তমান পর্যন্ত পুঁজি মোকলাই নিদিয়াত অৱধাৰিতভাৱে নৱেম্বৰ মাহৰ পৰা খোদ ৰাজধানীস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনতে অক্সিজেন যোগান বন্ধ হৈ পৰিব।
প্ৰণিধানযোগ্য যে উত্তৰ প্ৰদেশ চৰকাৰে হস্পিতেলৰ ঔষধ যোগানকাৰী সংস্থাক পুঁজি যোগান নধৰাৰ বাবে গোৰখপুৰৰ বাবা ৰাঘৱ দাস মেডিকেল কলেজত এসপ্তাহৰ ভিতৰত ষাঠিটাকৈশিশুৰ প্ৰাণহানি হােৱাৰ দৰে কৰুণ ঘটনাসংঘটিত হৈছিল। অনুৰূপধৰণে উত্তৰ প্ৰদেশৰ ফাৰাক্কাবাদ জিলাৰ ৰাম মনোহৰ লুহীয়া চৰকাৰী চিকিৎসালয়ত অক্সিজেনৰ অভাৱত উণপঞ্চাশটা শিশু মৃত্যুৰ হােৱাৰ দৰে হৃদয়বিদাৰক ঘটনা সংঘটিত হােৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন যোগানকাৰী সংস্থাটোৱে অক্সিজেন যোগান বন্ধ কৰি দিব বুলি ঘোষণা কৰাৰ পিছতো ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাম মনোহৰলুহীয়া চৰকাৰী চিকিৎসালয় অথবা বাবা ৰাঘৱ দাস মেডিকেল কলেজত সংঘটিত ঘটনা অসমতো পুনৰাবৃত্তি কৰিবলৈকে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাইছে নেকি? প্ৰণিধানযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তিনিশৰো অধিক আইচি ইউ বিচনা আছে। য’ত অক্সিজেনৰ অবিহনে চিকিৎসাসেৱা বিঘ্নিত হােৱাৰ সম্ভাৱনা নিশ্চিত। যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী চিকিৎলায়খনত অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হােৱাৰ আশংকা ঘণীভূত হৈ পৰিছে।
অসমৰ অন্যতম পুৰণি অসম চিকিৎসা মহাবিদ্যালয়খন স্বাধীনোত্তৰ কালত যিমান উন্নতি হ’ব লাগিছিল। সেয়া হৈ নুঠাটাে আমি গভীৰ উদ্বেগ প্রকাশ কৰিছাে। যিসময়ত দেশৰ বিভিন্ন অংশত বৃক্ক সংৰােপণ, কর্কটৰােগৰ উন্নত চিকিৎসা, হৃদৰােগৰ জটিল অস্ত্ৰোপ্ৰচাৰ, গোষ্ট্র এন্টাৰাইটিছ চিকিৎসা আৰু অন্যান্য সা-সুবিধাৰে চিকিৎসা মহাবিদ্যালয়সমূহ সমৃদ্ধ হৈ উঠিছে। সেইসময়ত অসমৰ অতি পুৰণি অসম চিকিৎসা মহাবিদ্যালয়খনত আধুনিক চিকিৎসা বিজ্ঞানৰ পর্যাপ্ত সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে ২০১২ চনতে অপেন হার্ট চার্জাৰি কৰিবৰ বাবে জামাণীৰ পৰা অত্যাধুনিক যন্ত্ৰ-পাতি অনা হৈছিল যদিও এই যন্ত্রপাতিসমূহ চলাবৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত প্রয়ােজনীয় চিকিৎসক আৰু ফেকাল্টি (২) মেম্বাৰ আজিও নিযুক্তি দিয়া হােৱা নাই। যাৰ ফলত অ.এন.জি.চিয়ে আগবঢ়োৱা সাত কোটি টকাৰ ব্যয়ৰে ক্ৰয় কৰা আধুনিক যন্ত্র অচল হৈ পৰি আছে। কৰ্কট ৰোগ চিকিৎসাৰ বাবে বিভাগটো চলি আছে যদিও ফেকাল্টিৰ অভাৱ স্পষ্ট। কার্ডিয় থেৰাপিৰ দৰব নিয়মীয়া ভাৱে যোগান আজিও নহয়। লিনিয়াৰ এক্সেলভেটৰ এতিয়াও স্থাপন কৰা হােৱাই নাই। চিকিৎসা মহাবিদ্যালয়খনত ইউৰ’ চার্জন নথকাৰ বাবে বৃক্ক জনিত ৰােগৰ আধুনিক চিকিৎসা আজিও সম্ভৱ হৈ উঠা নাই। সেইদৰে এনড্রকিল’জিষ্ট চিকিৎসক গৰাকী ইতিমধ্যে চাকৰি এৰি যোৱাৰ পিছত সেই পদটো আজি পর্যন্ত পূৰণ হােৱা নাই।
উদ্বেগজনকভাৱে গ্রেস্ট্র এনট্রলজি বিভাগটােৱে আজিলৈকে মুকলি কৰিব নােৱাৰাত উজনি অসমৰ ৰােগীসকল তীব্র সংকটৰ সন্মুখীন হ’ব লগা হয়। স্মর্তব্য অসম চিকিৎসা মহাবিদ্যালয়ত অসমৰ উত্তৰ আৰু উজনি অসমৰ ৰােগীৰ লগতে মণিপুৰ, নাগালেণ্ড, অৰুণাচল আদি কাষৰীয়া ৰাজ্যৰ ৰােগীসকলেও চিকিৎসা গ্রহণ কৰিবলৈ আহে যদিও বিজ্ঞান তথ্য প্রযুক্তি কৌশলৰ আধুনিক সা-সুবিধাৰ অভাৱত ৰােগীসকল উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হয়।

# নাজিৰাৰ মহকুমা চিকিৎসালয়খন আধুনিক ৰূপত গঢ়ি তোলক :
২০০৭ চনতে বর্তমানৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন নাজিৰাৰ একমাত্র মহকুমা চিকিৎসালয়লৈ উন্নীত কৰে যদিও ঘোষণাৰ দহ বছৰৰ পিছতো আধুনিক সা-সুবিধা সম্পন্ন এখন চিকিৎসালয় ৰূপে গঢ়ি তোলাত স্বাস্থ্যমন্ত্রী গৰাকী ব্যর্থ হ’ল। মন্ত্রী গৰাকীয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্রী হৈ য’তে ত’তে কেৱল চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ ঘোষণা কৰাহে জোৱাৰ উঠিল। যিসময়ত ৰাজ্যৰ মহকুমা চিকিৎসালয় আৰু অসমৰ পুৰণি চিকিৎসা মহাবিদ্যালয়সমূহ আধুনিক চিকিৎসা পদ্ধতিৰে সমৃদ্ধ কৰি তোলাত অধিক গুৰুত্ব আৰােপ কৰিব লাগিছিল সেই সময়ত কেৱল মহাবিদ্যালয় স্থাপনৰ ঘোষণা কৰি ৰাজ্যৰ ৰােগীসকলক উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত কৰা পৰিলক্ষিত হৈছে। স্বাধীনোত্তৰ কালত দেশৰ চৰকাৰে চিকিৎসাখণ্ডলৈ অনা পৰিৱৰ্তনৰ ধাৰাবাহিকতা ৰক্ষা কৰি অধিক ক্ষীপ্ৰতাৰে ইতিপূর্বে স্থাপন কৰা চিকিৎসালয়সমূহ অধিক সা-সুবিধা সম্পন্ন আৰু কার্যক্ষম কৰি তুলিবলৈ আহ্বান জনালোঁ।
শিমলুগুৰি আৰু নাজিৰা পানীযোগান আঁচনি দুখন পূৰ্বৰ চৰকাৰৰ দিনতে অনুমোদন লাভ কৰিছিল যদিও অসম চৰকাৰে বৰ্তমান পর্যন্ত ইয়াক কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাত শিমলুগুৰি আৰু নাজিৰা অঞ্চলত ব্যাপক খোৱা পানীৰ সংকটৰ সমস্যা প্ৰকট হৈ উঠিছে। ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে শীঘ্ৰে এই দুয়োখন পানীযোগান আঁচনি বাস্তৱায়িত কৰিবলৈ দৃঢ় পদক্ষেপ গ্রহণ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিলো।

মন্তব্য দিয়ক