ৰাধা তোক বিচাৰি

0
29

পলাশ ৰঞ্জন নাথ

শৰত শেৱালী বুকুত বান্ধি
নিশাৰ কুঁৱলী ফালি
ৰাধা তোক বিচাৰি
চলাথ কৰিছো জান,
কলিৰ যে কৃষ্ণ মই নহয়

চিফুং বাঁহী মোৰ নাই
সোণৰ বাঁহীও মোৰ নাই
পিতাইৰ উৰুখা পঁজা
সিয়েই মাথো মোৰ সম্বল।

কহুৱা বন মোৰ বুকুত ফুলে
শেৱালীৰ সুবাস মনত বলে
শৰতৰ পূৰ্ণিমাত ৰাধা তোক বিচাৰি
প্ৰয়োজনত পাৰ হ’ম লুইত সাতুৰি।

স্বপ্নাতোৰ নিশা দুয়ো মিলি কটাম
এবাৰ হাঁহিবিনে মোলৈ চাই,
প্ৰতিশ্ৰুতি দিবিনে আজীৱন
সুখ-দুখৰ লগৰী হোৱাৰ।

কলিৰ কৃষ্ণ মই নহয়
নাই মন লীলা কৰাৰ
ৰাধা তোক পালেই মোৰ
হিয়া যে পৰিব শাঁত।

ৰাধা তোক বিচাৰি
মই যে মাজুলীলৈ যাম,
টিলিঙা মন্দিৰ গৈ
ভোগদৈ হৈ ভটিয়াম।
নলবাৰী, বটদ্ৰৱা নে হাজোত
ক’ত বাৰু তোক লগ পাম।

ৰাধা মোক বিচাৰি
নাযাবি কতনা দূৰ
পূৰ্ণিমাৰ জোনটোলৈ চাই
এবাৰ মাথো হাঁহিবি

পূৱতি তৰাই দিব মোৰ ঠিকনা
পখীয়ে গীত গাব, মলয়াই নাচিব
দুয়ো মিলি এক হ’ম
দুচকুৱে কথা ক’ম
মই হ’ম কৃষ্ণ
তই হ’বি কলিৰ ৰাধা।

মন্তব্য দিয়ক