শিক্ষামন্ত্ৰীলৈ মুকলি চিঠি….

0
92

সম্পাদক মহোদয়,
অভিনন্দন গ্ৰহণ কৰিব। আপুনি জানি দুখ পাব যে যিটো সময়ত ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে দৰমহা বিধি মতে দৰমহা পাই আছে,কিন্তু একেটা সময়তে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষক সকলে চৰকাৰৰ দৰমহা বিধি মতে দৰমহা পোৱা নাই৷ বিত্ত বিভাগৰ এই কাণ্ডজ্ঞানহীন, বিধি বহিৰ্ভূত, আজব নিৰ্দেশনাৰ ফলত আজি ৰাজ্যখনত উচ্চ প্ৰাথমিকৰ লগতে নিম্ন প্ৰাথমিকৰ প্ৰায় লক্ষাধিক শিক্ষকৰ ২-৩ মাহে দৰমহা বন্ধ হৈ আছে। দৰমহা বন্ধ থকাত শিক্ষকৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ক্ষুব্ধ হৈ পৰিছে শিক্ষক সমাজ। বিঘ্নিত হৈছে শৈক্ষিক পৰিবেশ। দ্ৰুত অৱনতি ঘটিছে শিক্ষক- চৰকৰৰ সম্পৰ্ক। পৰিতাপৰ বিষয় তথাপি মুখ খোলা নাই চৰকাৰৰ দুই মুৰব্বী মুখ্যমন্ত্ৰী -শিক্ষামন্ত্ৰীয়ে। কাৰ ষড়যন্ত্ৰ বা ভুলৰ বাবে শিক্ষক-চৰকাৰৰ এই সংঘাত ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত হব লাগে৷ বিত্ত বিভাগৰ ২১ আৰু ২৬ ছেপ্তেম্বৰৰ দৰমহা বন্ধৰ ডব্লিউ টি মেছেজ মতে এই স্নাতক শিক্ষকসকলৰ পদবোৰৰ এতিয়াও হেনো স্নাতক পদলৈ পদোন্নতি হোৱা নাই। অথচ এই শিক্ষকসকলে ২০১০ চনৰ দৰমহা বিধিমতে ২০০৬ চনৰে পৰা “প্ৰশিক্ষণ প্ৰাপ্ত স্নাতক শিক্ষক “পদত কাম কৰি সুকীয়া গ্ৰেড পে প্ৰথমে ২৩০০ পিছত ২৭০০টকা পাই আহিছে আৰু সপ্তম দৰমহা বিধিমতে “স্নাতক শিক্ষক “পদৰ বিপৰীতে ৮৭০০ টকা পাই আহিছে।

মন কৰিবলগীয়া যে বিগত ১২ বছৰে স্নাতক শিক্ষক পদৰ বিপৰীতে সুকীয়া গ্ৰেড পেত দৰমহা পাই অহা এই স্নাতক শিক্ষকসকলৰ হঠা়ৎ পদোন্নতিৰ প্ৰশ্ন তুলি দৰমহা বন্ধ কৰা কাৰ্য বিত্ত বিভাগৰ এক অবিবেচক কাণ্ড।কাৰণ ষষ্ঠ দৰমহা আয়োগে এই স্নাতক শিক্ষকসকলৰ লগতে মুঠ ২১ টা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গ্ৰেড পে বেণ্ডৰ উন্নীতকৰণ কৰিছিল। পিছে বাকী ২০টা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পদোন্নতিৰ প্ৰশ্ন নুতুলি কেৱল স্নাতক শিক্ষকক লক্ষ্য কৰি লোৱা হল কিয় ? ইয়াৰ ৰহস্য ভেদ কৰিবলৈ আমি স্নাতক শিক্ষক কল্যাণ সমিতিয়ে তদন্ত দাবী কৰিছো। মজলীয়া স্তৰৰ একাংশ ন্যস্ত স্বাৰ্থ জড়িত শিক্ষক সংগঠনে চৰকাৰৰ দৰমহা বিধি একাষৰীয়াকৈ থৈ দৰমহা আসোঁৱাহ সমিতিৰ সিদ্ধান্ত নোহোৱালৈকে চৰকাৰে যি দৰমহা দিয়ে তাকে শিক্ষকে মানি লব বুলি কৰা ঘোষণাক তীব্ৰ বিৰোধিতা কৰিছে আমাৰ কল্যাণ সমিতিয়ে। কাৰণ দৰমহা বিধি মতে শিক্ষক- কৰ্মচাৰীয়ে দৰমহা পোৱাটো চৰকাৰী নিয়ম। কাৰোবাৰ ন্যস্ত-স্বাৰ্থ জড়িত শ্ৰুতিলিপি কিম্বা বিত্ত বিভাগৰ কাণ্ডজ্ঞানহীন নিৰ্দেশত কোনো কাৰণতে উচ্চ প্ৰাথমিকৰ স্নাতক শিক্ষকে ৮৭০০টকা গ্ৰেড পেৰ তলত দৰমহা নলয় আৰু ল’বলৈ বাধ্যও নহয়। তদুপৰি অসমৰ স্নাতক শিক্ষক এজনে কেন্দ্ৰীয় চৰকাৰৰ স্নাতক শিক্ষক এজনতকৈ অৰ্ধেক দৰমহা পায়।অথচ অসমৰ শিক্ষক এজনে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা নীতি মতে সকলো চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক। আকৌ দৰমহা কমৰ প্ৰশ্ন!

উল্লেখ্য যে পদোন্নতিৰ প্ৰশ্ন তুলি দৰমহা বন্ধ কৰা বা দৰমহা কমাই দিয়াৰ সমৰ্থক চৰকাৰৰ বিত্ত বিভাগ, শিক্ষা বিভাগ আৰু সেই ন্যস্ত-স্বাৰ্থ জড়িত শিক্ষক সংগঠন কেইটাই এইখিনিও নাজানে যে উচ্চ প্ৰাথমিক বিদ্যালয় সমূহত নিম্ন স্নাতক পদত কৰ্মৰত স্নাতক শিক্ষকখিনিৰ পদোন্নতিৰ কামটো যোৱা ২০০৮ চনতে শিক্ষা বিভাগৰ এইই • ১০১২/২০০৫ নম্বৰৰ ফাইলৰ জড়িয়তে তদানীন্তন প্ৰাথমিক শিক্ষা আয়ুক্ত সচিবজনে অনুমোদন দি গৈছে। তদানীন্তন আয়ুক্ত সচিবজনে তেতিয়াৰ বিত্ত (ইছি-তিনি) আৰু বিত্ত (পি আৰ ইউ ) ৰ নিৰ্দেশ/পৰামৰ্শ মৰ্মেই এই সকল স্নাতক শিক্ষকৰ পদোন্নতিৰ অনুমোদিত প্ৰস্তাৱটো ষষ্ঠ দৰমহা আয়োগত দাখিল কৰিছিল আৰু আয়োগে নিম্ন স্নাতক পদত কৰ্মৰত এই স্নাতক শিক্ষকসকলক “প্ৰশিক্ষণ প্ৰাপ্ত স্নাতক শিক্ষক” পদলৈ উন্নীতকৰণ %কৰি উচ্চ নিৰিখৰ গ্ৰেড পে ২৭০০টকা ৰ অনুমোদন দিছিল ।আকৌ সপ্তম দৰমহা আয়োগে ন্যায়ালয়ৰ নতুন নিৰ্দেশত” প্ৰশিক্ষণ প্ৰাপ্ত স্নাতক শিক্ষক ” পদৰ নাম সলনি কৰি “স্নাতক শিক্ষক ” পদ নামকৰণেৰে সকলো স্নাতক শিক্ষককে ৮৭০০টকা গ্ৰেড পেৰ অনুমোদন দিয়ে। ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগে মজলীয়া স্তৰৰ স্নাতক শিক্ষকসলক স্নাতক দৰমহা দিবলৈ এই কাৰণে বাধ্য আছিল যে মজলীয়া স্নাতক শিক্ষক কল্যাণ সমিতিৰ ডব্লিউ পি(চি)নং৩৬৬৫ /০৪ আৰু ডব্লিও পি(চি)নং ৪২৬১/১২ ৰ দুটাকৈ গোচৰৰ ৰায়ত “বিজ্ঞান শিক্ষক”ৰ সমান দৰমহা কলা আৰু বাণিজ্যৰ স্নাতক শিক্ষকসকলকো দিয়াৰ কঠোৰ নিৰ্দেশ কৰিছিল।

উল্লেখ্য যে কেৱল ইমানেই নহয় ২০১০ আৰু ২০১১চনৰ এন চি টি ই ৰ গাইড লাইন আৰু ২০১২ চনৰ ২০ অক্টোবৰৰ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ পিএমএ/৪৪৮/২০১১/৫২ নং অধিসূচনা মৰ্মে অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক কৰিছে । ৰাষ্ট্ৰীয় শিক্ষা নীতি ,অসম চৰকাৰৰ অধিসূচনা , ন্যায়ালয়ৰ একাধিক নিৰ্দেশ, শিক্ষা বিভাগৰ অনুমোদিত পদোন্নতিৰ প্ৰস্তাৱ( চিঠি নং এইই/১০১২/২০০৫/১১৯ তাং২৪/১২/০৮) আৰু বিত্ত বিভাগৰ পৰামৰ্শতহে অসম চৰকাৰৰ ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগে এই স্নাতক শিক্ষক সকলক আন স্নাতক শিক্ষকৰ সমান মৰ্যদাৰে ‘স্নাতক শিক্ষক’ নাম দি ৮৭০০টকা গ্ৰেড পে ৰ অনুমোদন দিয়ে। ইয়াৰ পিছতো স্নাতক শিক্ষকে দৰমহা কমাই লোৱাৰ কিবা যুক্তি আছেনে । দুখৰ বিষয় যে প্ৰাথমিক শিক্ষা আয়ুক্ত-সচিব মহোদয়েও মজলীয়া স্নাতক শিক্ষকৰ পদোন্নতিৰ অনুমোদিত এইই/১০১২/০৫ নম্বৰৰ ফাইলটোৰ কোনো অনুসন্ধান নকৰাকৈয়ে বিত্ত বিভাগৰ দৰেই পদোন্নতিৰ প্ৰশ্ন তুলি স্নাতক শিক্ষকক নিম্ন স্নাতক দৰমহা লবলৈ বাতৰি কাকতযোগে বিজ্ঞাপন দিছে। শিক্ষকৰ বাবে ই দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতিজনৰ ভূমিকাও সন্তোষজনক নহয়। তেওঁ দৰমহাৰ খেলিমেলি সন্দৰ্ভত চৰকাৰক সকিয়নিও দিয়ে আকৌ পদোন্নতি নোহোৱালৈকে স্নাতক দৰমহা পাব নোৱাৰে বুলিও কয়। তেখেতৰ দুমুখীয়া নীতিৰে শিক্ষক -চৰকাৰ উভয়কে বিভ্ৰান্ত কৰি সমস্যাটোক অধিক জটিল কৰিছে। পৰিষদৰ সভাপতিজনৰ লগতে আন শিক্ষক সংগঠন সমূহেও মজলীয়া স্নাতক শিক্ষকৰ পদোন্নতিৰ ফাইলৰ বিষয়ে কিয় অৱগত হব বিচৰা নাই। ইয়াৰ ৰহস্যইবা কি? কোনো সংগঠনে দৰমহা বিধিক একাষৰীয়াকৈ থৈ বিধি বহিৰ্ভূতভাৱে দৰমহা কমাই লোৱাৰ দৰে শিক্ষকৰ সন্মান লাঘব হব পৰা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিলেও সদৌ অসম মজলীয়া স্নাতক সহ:শিক্ষক কল্যাণ সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব। আমাৰ কল্যাণ সমিতিয়ে চলিত সপ্তাহৰ ভিতৰত মজলীয়া স্নাতক শিক্ষকক ৮৭০০ টকা গ্ৰেড পেত দৰমহা মুকলাই দিয়াৰ নিৰ্দেশ দিবলৈ চৰকাৰৰ বিত্ত বিভাগক দাবী কৰিছে। অন্যথা আমাৰ বিধিগত প্ৰাপ্যৰ বাবে স্নাতক শিক্ষক কল্যাণ সমিতিয়ে গণতান্ত্ৰিক পন্থাৰে চৰকাৰৰ শিক্ষক বিৰোধী আচৰণৰ প্ৰত্যাহ্বান জনাবলৈ সাজু।

মাইনুল হক চৌধুৰী
সম্পাদক, সদৌ অসম মজলীয়া স্নাতক সহকাৰী শিক্ষক কল্যাণ সমিতি ।

মন্তব্য দিয়ক