‘আমি অসমীয়া’ক আধাৰ কৰি গল্প লিখিছে ১২শ গল্পকাৰে

0
40

গুৱাহাটী :অসম আৰু অসমীয়াক পুনৰ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে উঠিপৰি লাগিছে এদল অসমীয়া। যাৰ অংশস্বৰপে, ২৪ ঘণ্টা ধৰি গল্প লিখাত ব্যস্ত হৈ পৰিছে ১২০০ গল্পকাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ সর্ববৃহৎ গ্রন্থমেলা উত্তৰ-পূব গ্ৰন্থমেলা চলি থকাৰ সময়তে ঐতিহ্যমণ্ডিত কটনৰ প্ৰেক্ষাগৃহত চলিছে বিশ্ব অভিলেখৰ আখৰা৷চীনক চেৰ পেলাই অসমীয়া সাহিত্যৰ গল্পৰে লক্ষ্য স্থিৰ কৰা হৈছে বিশ্ব অভিলেখ গঢ়াৰ। প্রতিষ্ঠিত তথা নৱপ্ৰজন্মৰ ১২০০ গৰাকীকৈ গল্পকাৰে “আমি অসমীয়া’ শীর্ষক গল্পৰ নামেৰে আৰম্ভ কৰিছে এই নতুন যাত্রা। ২০১৪ চনত আয়াৰলেণ্ডে ৯৫৮গৰাকী লেখকক লৈ লিখিছিল এটা বিশেষ গল্প। ইংৰাজী ভাষাক গুৰুত্ব দি আয়াৰলেণ্ডে কৰা এই প্রচেষ্টাৰ বিপৰীতে ২০১৬ চনত আয়াৰলেণ্ডৰ ৰেকর্ড ভংগ কৰিছিল চীনে। চীনা ভাষাক বিশ্বৰ বুকুত উজলোৱাৰ লক্ষ্যৰে চীনে ১১৭৮ গৰাকী লেখকক লৈ লিখিছিল এটা বিশেষ গল্প। সম্প্রতি চীন আৰু আয়াৰলেণ্ডক চেৰ পেলোৱাৰ উদ্দেশ্যে এক অভিনৱ পদক্ষেপ হাতত লৈছে চিত্রশিল্পী অপুৰাজ বৰুৱাই। আমি অসমীয়া’ হিচাপে কিয় গৌৰৱবােধ কৰােঁ, তাৰে আলম লৈ সম্পূর্ণ নিভাজ অসমীয়া ভাষাত এটা গল্প লিখাত ব্যস্ত ১২০০ অসমীয়া গল্পকাৰ। দেওবাৰে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত শুভাৰম্ভ হয় এই বর্ণিল যাত্রা। পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে “আমি অসমীয়া’ শীর্ষক গল্পৰ শুভাৰম্ভ কৰে বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক শৈলেন্দ্ৰ নাথ বৰ্মন, কেৰিয়াৰ বিশেষজ্ঞ ড° বুলজিৎ বৰগোহাঁই, জিলা উন্নয়ন আয়ুক্ত বর্ণালী শৰ্মা, জিলা জনসম্পৰ্কৰক্ষী বিষয়া হেমচন্দ্ৰ পাঠকে। এই শুভাৰম্ভ অনুষ্ঠানৰ পাছত পুৱা ১১ বজাৰ পৰা অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা গল্পকাৰসকলে নিজকে কিয় অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰে, সেয়া মূল বিষয়বস্তু হিচাপে লৈ আৰম্ভ কৰে গল্প লিখাৰ। ইয়াৰ মাজতে কোনোবাই যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক লৈ লিখিছে, আন একাংশই আকৌ সম্বলপুৰত থকা ৰসৰাজৰ বাসগৃহৰ ওপৰত বিস্তৃত আলোকপাত কৰিছে। তাৰ মাজতে আন একাংশ যুৱপ্ৰজন্মৰ লেখকে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অপূর্ব সৃষ্টিৰাজিৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ প্ৰতিজন অসমীয়াই কিয় গৌৰৱবােধ কৰে, তাৰ ওপৰত বিস্তৃতভাৱে লিখে। ১২০০গৰাকী লেখকে লিখা এই গল্প এটা নির্দিষ্ট বহীত টুকি ৰখাৰ পাছত গ্রন্থ আকাৰত প্রকাশ কৰিব উদ্যোক্তাই। যাৰ বাবে দেওবাৰে লিখা আৰম্ভ কৰা এই গল্পসমূহৰ দৃশ্যাংশ ভিডিঅ’ কৰি ৰাখে উদ্যোক্তাসকলে। ইয়াৰ পৰৱতী সময়ত এই নির্দিষ্ট গল্পটাে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছলৈ প্রেৰণৰ ব্যৱস্থা কৰিব চিত্রশিল্পী অপুৰাজ বৰুৱাই। কাইলৈ দিনৰ ১১ বজাত অন্ত পৰিব এই গল্প লিখা অনুষ্ঠানৰ।

মন্তব্য দিয়ক