‘আচ্ছে দিন’ এতিয়া দুঃস্বপ্ন

0
73

২০১৭ চনতে আমাক এনআৰচি লাগে, বাধা দিয়াসকল জাতীয় শত্ৰু

@ অখিল গগৈ
আশংকা কৰা ধৰণেই ঘটনাবােৰ ঘটিছে। ২০১৬ চনৰ জানুৱাৰীতে প্রকাশ পাবলগীয়া চূড়ান্ত এনআৰচি খচৰা প্ৰকাশৰ দিন অৱশেষত ২০১৮ চনৰ জুলাইলৈ পিছুওৱাৰ সকলো বন্দবস্তি কৰা হ’ল। এয়াতো কেৱল খচৰা। এতিয়া প্রশ্ন উঠিছে, এনআৰচি সঁচাকৈ প্রকাশ পাবগৈ নে ? মুখ্যমন্ত্রীয়ে কৈছিল— এনআৰচিক বাধা দিয়াসকল অসমৰ জাতীয় শত্রু। এতিয়া সকলোৱে কৈছে মুখ্যমন্ত্রী এসময়ত সভাপতি হৈ থকা আৰু তেওঁক জাতীয় নায়ক উপাধি দিয়া ছাত্র সস্থাইও কৈছে চৰকাৰে হিন্দু বাংলাদেশীৰ নাম এনআৰচিত অন্তর্ভুক্ত কৰাৰ স্বাৰ্থতে এনআৰচি প্রকাশত বাৰম্বাৰ বাধা দিছে। বিধানসভাত যোৱা শীতকালীন অধিবেশনত ৬ মার্চ, ২০১৭ তাৰিখে ৰাজ্য চৰকাৰে কৈছিল এনআৰচিৰ নথি পুনৰীক্ষণৰ কাম তেতিয়াই ৯৪ শতাংশ সম্পূৰ্ণ হৈছে। মাত্র ৩৭ লাখ পুনৰীক্ষণ বাকী থকা বুলি কৈছিল। এতিয়া আকৌ ১ কোটি ২৩ লাখ নথি পুনৰীক্ষণ বাকী থকাৰ কথাটো কেনেকৈ আহিল ? তেনেহ’লে এনআৰচি প্রকাশত আটাইতকৈ ডাঙৰ বাধা প্ৰদান কৰিছে কোনে ? কিন্তু একমাত্র হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্রদান কৰাৰ স্বাৰ্থতেই এনআৰচি প্রকাশত বাধা দি থকা হৈছেনে ? এইটাে নিশ্চিত, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ স্বর্থত এনআৰচিৰ কাম বাৰম্বাৰ পিছুওৱা হৈছে। ২০১৬ চনৰ ১৯ জুলাইত ভাৰতৰ লোকসভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহমন্ত্রী ৰাজনাথ সিঙে উত্থাপন কৰি তিনিখন চুবুৰীয়া দেশৰ মুছলমান নাগৰিকসকলক অনন্ত কাললৈ ভাৰতত বৈধ নাগৰিক কৰিবলৈ আইন সংশোধন কৰিব খুজিছে। কিন্তু দুয়ো সদনত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবেহে বিজেপি ৰৈ যাব লগা হৈছে। এইটােও ঠিক, অসমৰ এনআৰচি সম্পর্কীয় কেবিনেট উপসমিতিয়ে, য’ত সমিতিৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা, অগপৰ মন্ত্রী অতুল বৰাও অন্যতম সদস্য। হিন্দু বাংলাদেশীসকলক এনআৰচিত অন্তর্ভুক্ত কৰিবলৈ আনুষ্ঠানিৰ প্ৰস্তাৱ গ্ৰহণ কৰি থৈছে। অহা বছৰৰ মার্চ মাহত সেই বিধেয়ক আইনত পৰিণত কৰিবলৈ সংসদত পুনৰ উত্থাপন কৰা হ’ব। গতিকে এনআৰচিৰ কাম বিলম্ব কৰাটাে তেওঁলোকৰ বাবে তেনেই স্বাভাৱিক ঘটনা। হিন্দু বাংলাদেশীৰ মুখপাত্ৰৰ ভূমিকা লোৱা বিধায়ক শিলাদিত্য দেৱৰ হুলস্থূলবােৰৰ মূলতেও আছে সেই একে অন্তর্নিহিত উদ্দেশ্য। সাতে সোতৰাই মিলি আৰএছএছ পৰিচালিত চৰকাৰে এনআৰচি প্রকাশত বাধা প্ৰদান কৰিছে।
যোৱা ডেৰ বছৰে এনআৰচিত বাধা প্ৰদানৰ বাবে সকলো ব্যৱস্থা চৰকাৰে কৰিছিল। আনকি যোৱা ১৩ জুলাই, ২০১৭ ত দেশৰ উচ্চতম ন্যায়ালয়ে জাতীয় নায়ক উপাধি প্রাপ্ত মুখ্যমন্ত্রীক এনআৰচি প্ৰকাশৰ সময় নিৰ্দ্ধাৰণত অবৈধ হস্তক্ষেপ কৰাৰ বিৰুদ্ধে সকীয়নি দিছিল। এনআৰচিৰ সমন্বয়কে কেইবাবাৰো ন্যায়ালয়ক জনাইছিল। চৰকাৰে এনআৰচি প্ৰস্তুতৰ বাবে নিৰ্দ্ধাৰিত ধনৰাশি মোকলাই দিয়া নাই। তাৰবাবে একাধিকবাৰ ন্যায়ালয়ে চৰকাৰক টকা মোকলাই দিবলৈ নির্দিষ্ট নির্দেশ দিবলগীয়া হৈছিল। পুঁজি বন্ধ কৰাৰ ফলত কর্মচাৰীক সময়মতে দৰমহা দিব নােৱাৰি এনআৰচিৰ কামকাজ স্থবিৰ হৈ পৰিছিল। আন্দোলনৰ পথ লৈছিল। এনআৰচিৰ কৰ্মচাৰীয়ে। এনআৰচিৰ কামত থকা বিষয়াক বাৰম্বাৰ বদলি কৰাৰ অভিযোগ উঠি আহিছিল। মুঠতে এনআৰচি প্রস্তুতিত যে বিজেপি-আৰ এছ এছৰ চৰকাৰ দুখনেই বাধা দি আহিছে। সেইটো অতি প্ৰামানিক সত্য। কিয় এই বাধা ? কেৱল হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানেই একমাত্র উদ্দেশ্য নে ? স্থায়ী ভোটবেংক এটাৰ বাবে গেৰুৱা বাহিনীক হিন্দু বাংলাদেশী লাগে (যেনেকৈ কংগ্ৰেছক মুছলিম বাংলাদেশী লাগে)। কিন্তু লগতে লাগে দেশত/ৰাজ্যত স্থায়ী ধর্মীয় সংঘাত আৰু সংঘৰ্ষৰ বাতাবৰণ। হিন্দু-মুছলমানৰ মাজত হিংসা-প্ৰতিসিংহাৰ এক পৰিৱেশ। কেৱল তেনে এটা পৰিৱেশতহে সাম্প্রদায়িক বা মৌলবাদী দল সবল হৈ থাকিব পাৰে। তেনে এক প্রেক্ষাপটতহে হিন্দুৰাষ্ট্ৰৰ ভয়ংকৰ দুঃস্বপ্নটাে দেখা সম্ভৱ আৰু তেওঁলোকৰ সেই সপোন বাস্তৱায়িত কৰিবলৈকে হিন্দুত্বৰ বেদীত অসমীয়া জাতিক বলি দিব খোজা হৈছে। সেই পূজাৰে পুৰােহিত আমাৰ শৰ্মা-সোণোৱালহঁত। ২০১৯ ৰ সংসদীয় নির্বাচন আৰু আগন্তুক পঞ্চায়ত নির্বাচনৰ বৈতৰণী পাৰ হ’বলৈ সংঘ পৰিয়ালক লাগে এলানি সাম্প্রদায়িক সংঘাত আৰু সংঘর্ষ। তেওঁলোকৰ পূৰ্বৰ সকলো প্রতিশ্রুতিয়ে এতিয়া অসাৰত পৰিণত হৈছে। ‘আচ্ছে দিন’ এতিয়া দুঃস্বপ্ন। মূল্যবৃদ্ধিৰ জুইত জনতা এতিয়া দগ্ধ। নাগৰিকক জুৰুলা কৰিছে। দেশৰ অৰ্থনীতি এতিয়া সংকটত। মোডীৰ পূৰ্বৰ ভাৱমূৰ্ত্তি এতিয়া আৰু নাই। গুজৰাটৰ দৰে ৰাজ্যতে সংঘ পৰিবাৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। অথচ, কৰ্প’ৰেটৰ কামবোৰ শেষ হােৱা নাই। পুঁজিপতিসকলে এতিয়াই তেওঁক এৰি দিবলৈ পৰা হােৱা নাই। ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ কামবােৰ সম্পূর্ণ হােৱা নাই। ভাবমূৰ্ত্তি পুনৰ নিৰ্মাণৰ বাবে ইটােৰ পিছত সিটাে ৰাষ্ট্ৰীয় সমীক্ষা প্রকাশ কৰিবলগীয়া অৱস্থা। তাৰ পাছতো ৰাইজ আশ্বস্ত হ’ব পৰা নাই। সেইবাবেই লাগে পুৰণি গুজৰাট মডেল”— হিন্দু-মুছলিমৰ সংঘৰ্ষৰ উত্তপ্ত পৰিৱেশ। অসমতো একেই পৰিৱেশ। সাম্প্রদায়িক আৰু মৌলবাদীহঁতেই এতিয়া জাতিৰ হর্তা-কর্তা বিধাতা। জাতীয় প্রশ্নত এতিয়া জাতীয় নায়কৰ ভাৱত অৱতীৰ্ণ। দেশত এতিয়া ফেঁচীবাদৰ উত্থানৰ সময়।
যোৱা ১৩ নৱেম্বৰ, ২০১৭ ত মৌলানা আশ্বাদ মাদানিয়ে দিল্লীত দিয়া বক্তব্যই কাক সহায় কৰিলে। নিশ্চয় শাসকসকলকে ক্ষতি কৰিলে। কিন্তু তেওঁ প্রতিনিধিত্ব কৰা মুছলমান সমাজখনকে আটাইতকৈ বেছি ক্ষতি কৰি গ’ল গণতান্ত্রিক আন্দোলন আৰু প্রগতিশীল সংগ্রামকো৷ কাৰণ তাত ড° হীৰেন গোহাঁই ছাৰৰ দৰে লোকক জড়িত কৰিব পৰাৰ সুযোগ পালে। ড° হীৰেন গোহাঁইক ‘বদন’ বুলি কোৱা ক’ব পৰা পৰিৱেশটাে যে সংঘ পৰিয়ালৰ বাবে সঁচাকৈ “পৰিৱর্তন’৷ সেয়া আমি সকলোৱে উপলব্ধি কৰিব লাগিব। এয়াই ফেচিবাদৰ লক্ষণ। সেইবাবেই আমি বাৰম্বাৰ দোহাৰিছে, এই সময় এন আৰ চিক লৈ সভা-সমিতি কৰা সময় নহয়, উচ্চতম ন্যায়ালয়ত কথা কোৱাৰহে সময়। নহ’লে প্রকৃত দেশপ্রেমিক কাইহঁতে তৈয়াৰ কৰিব দেশদ্রোহী, দেশদ্রোহীয়ে ভাও দিব দেশপ্রেমিকৰ।
২০১৬ চনৰ বিধানসভা নির্বাচনত যি কাম বদৰুদ্দিন আজমলে কৰিলে, ২০১৯ চনত লোকসভা নির্বাচনৰ বাবে সেই ভূমিকা পালন কৰিলে মাদানিয়ে। মাদানিৰ জুমুঠিত আমি সঠিকভাৱেই জুই দিছে। এনে চালানী মৌলবী নেতা আমাক নালাগে। মৌলবাদ আমাক নালাগে। কিন্তু আমি একেই মৌলবাদী ভাগৱত-টোেগাৰিয়া-শিলাদিত্যাহতক ৰেহাই দি গৈছে। শর্মা-সোণোৱালহঁতৰাে মুখাৰ আঁৰত থকা মুখবোৰ চিনিব পৰা নাই। জাতীয় শত্রুবোৰ হৈছে জাতীয় নায়ক। আমি নভবাকৈয়ে আৰ এছ এছৰ নেতাবােৰ সংবাদমাধ্যমৰ “পেনেলিষ্ট হৈ পৰিল। ক’ব নােৱাৰাকৈ আমি হিন্দু বাংলাদেশীক মজিয়াত ঠাই দিলো। হিন্দু-মুছলমান সকলো মৌলবাদত সমানে জুই দিব নােৱাৰা পর্যন্ত আমাৰ নিস্তাৰ নাই। যদি আমি মৌলবাদীত জুই নিদিওঁ, সিহঁতেই আমাক পুৰি মাৰিব। মৌলবাদীক এঘৰীয়া নকৰাকৈ অসমীয়াৰ এনআৰচি জাতীয় স্বপ্ন পূৰণ কৰা অসম্ভৱ। প্ৰব্ৰজনৰ সমস্যাৰে জৰ্জৰিত অসমীয়াই বিদেশী মুক্ত এখন অসম গঢ়িব খোজো। তাৰে প্ৰথম যুক্তিসন্মত খোজটাে এনআৰচি প্রস্তুতকৰণ। ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিত্তিত এনআৰচি প্রস্তুতিত বাধা প্ৰদান কৰা সকলেই আমাৰ জাতীয় শত্রু)। ৰহিংগীয়া মুছলমানক অসমত ৰাখিব খোজাসকলো একেই অসমৰ শত্রু। হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে আহুপুৰুষাৰ্থ কৰা সকলো অসমৰ জাতীয় শত্রু আৰু ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত এনআৰচি প্ৰস্তুতৰ কথা কোৱা সকলো একেই পানীৰে মাছ। এই জাতীয় শত্ৰুসকলেই এতিয়াৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ ডাঙৰ নেতা। ইহঁতেই আচল ‘বদন”।
আমি আচলসকলক চিনিব নোৱাৰালৈকে নিস্তাৰ নাই। আমাক ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এনআৰচি লাগে। অসমবাসীলৈ আমাৰ বিনম্র অনুৰােধ সকলোৱে এই দাবী উত্থাপন কৰক। সকলো দল-সংগঠনে ঐক্যবদ্ধভাৱে মাত মতাৰ সময় এয়া। আন সকলো কথা পিছুৱাই থৈ এনআৰচিৰ সময়তে সকলো একেলগে মাতো আহক।

(২১ নৱেম্বৰ, ২০১৭ তাৰিখে ডিব্ৰুগড়ৰ মুখ্য ন্যায়ায়িক দণ্ডাধীশ চৌহদত সতীৰ্থৰ সন্মুখত কোৱা কথাৰ লিখিত ৰূপ)

মন্তব্য দিয়ক