কটন বিশ্ববিদ্যালয়ত ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ ত্রি-বার্ষিক নৱম অধিবেশন

0
13

সৱল ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰৰ ইতিহাসেৰে যুৱ প্ৰজন্মক শিক্ষিত কৰিব লাগিব : মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী : বুৰঞ্জী অবিহনে সৱল ভৱিষ্যৎ নির্মাণ কৰা সম্ভৱ নহয়। আমাৰ যুৱ প্ৰজন্মই মহান মনীষীসকলৰ সম্পৰ্কত অৱগত হ’ব লাগিব। যিসকলে আমাৰ দেশ তথা ৰাষ্ট্রক এক মাত্রা প্রদান কৰিছে আৰু সমাজলৈ বিপুল বৰঙণি যোগাই গৈছে।” আজি কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত ভাৰতীয় ইতিহাস সংকলন সমিতি অসমৰ ত্রি-বার্ষিক নৱম অধিবেশনত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়।
মুখ্যমন্ত্রী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বৰীন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দৰ দৰে মহান মনীষীসকলে সমাজ জীৱনলৈ আগবঢ়ায় যোৱা অনৱদ্য অৱদানৰ আদৰ্শেৰে সমাজৰ প্ৰতি আমি দায়ৱদ্ধ হ’ব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে মানৱীয় মূল্যবােধ আৰু সমতাৰ আদৰ্শেৰে সমাজ জীৱনলৈ আগবঢ়াই যোৱা পথ আমি অনুসৰণ কৰিব লাগিব। লেহেমীয়া গতিৰে আমি সামাজিক পৰিৱর্তন সম্ভৱ কৰি তুলিব নোৱাৰাে। ৰাষ্ট্র নির্মাণৰ প্রক্রিয়াত উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব লাগিব। বুৰঞ্জীয়ে দেখুৱাই যোৱা প্ৰেৰণাৰ দ্বাৰা আমি আগবাঢ়ি যোৱাটাে সময়ৰ আহ্বান হৈ পৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়|
সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত একতা আৰু ভাতৃত্ববোধ ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রীয়ে কয় যে নমামি বৰাকৰ সফলতাই সেই কথাকে প্রতীয়মান কৰিছে। নমামি বৰাক উৎসৱত জাতি-ধৰ্ম-ভাষা নির্বিশেষে সকলো শ্রেণীৰ জনসাধাৰণে আগবাঢ়ি আহি সফল কৰিছিল আৰু বিশ্ব পর্যােয়ত বৰাক উপত্যকা জিলিকি উঠিছে। কেতবোৰ অপশক্তিয়ে সমাজত শান্তি আৰু প্ৰগতি ব্যাহত কৰাৰ বাবে প্রয়াস চলাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ঐক্যৱদ্ধ প্রচেষ্টাৰে সেই প্রয়াস ব্যর্থ কৰিব লাগিব বুলিও কয়।

মুখ্যমন্ত্রী সোণোৱালে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম অব্যাহত আছে। কোনো বৈধ নাগৰিকৰ নাম ইয়াৰ পৰা বাদ নপৰে বুলিও মুখ্যমন্ত্রীয়ে আশ্বাস প্রদান কৰে। মুখ্যমন্ত্রীয়ে এখন শুদ্ধ নাগৰিকপঞ্জী প্রস্তুতৰ ক্ষেত্ৰত সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ সহযোগিতা কামনা কৰে।
মুখ্যমন্ত্রী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু স্বামী বিবেকানন্দৰ লেখীয়া মহান মনীষীয়ে সামাজিক ঐক্যৰ বাবে কাম কৰি গৈছিল। সকলো ধৰণৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে মানৱীয় প্রমূল্যবােধৰ দ্বাৰা আগবাঢ়িবলৈ হ’লে এই মহান মনীষীসকলৰ আদর্শ অনুসৰণ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। প্রতিযোগিতাৰ প্রয়োজন আছে কিন্তু যুৱ প্ৰজন্মই এই ক্ষেত্ৰত মানৱীয় মূল্যবােধ পাহৰিব নালাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে চাৰিখন গ্রন্থ মুকলি কৰাৰ উপৰি অধিবেশন উপলক্ষে প্রকাশ পোৱা স্মৃতিগ্ৰন্থও উন্মোচন কৰে। মুখ্যমন্ত্রীয়ে লগতে সমিতিৰ ওৱেবছাইট এটাও মুকলি কৰে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক বিমল বৰা আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

মন্তব্য দিয়ক