ব্রিক্‌ছ দেশৰ শিক্ষানুষ্ঠানৰ তালিকাত স্থান লাভ আই আই টি গুৱাহাটীৰ

0
32

নতুন দিল্লী : ব্রিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্রিকা) দেশসমূহৰ অগ্রণী শিক্ষানুষ্ঠানৰ তালিকাত আই আই টি, গুৱাহাটীয়ে ৫২সংখ্যক স্থান লাভ কৰিছে। চলিত বছৰৰ বাবে প্রকাশ কৰা উক্ত তালিকাখনত ভাৰতৰ মুঠ ১৪খন শিক্ষানুষ্ঠানে স্থান পাইছে। এই তালিকাত আই আই টি, মুম্বাই ভাৰতৰ শীর্ষস্থানীয় শিক্ষানুষ্ঠান ৰূপে পৰিগণিত হৈছে। মুম্বাই আই আই টিয়ে ব্রিকছ দেশসমূহৰ শীর্ষস্থানীয় শিক্ষানুষ্ঠানৰ তালিকাখনত নৱম স্থান লাভ কৰিছে।আনহাতে, আই আই টি, বেংগালুৰক দশম স্থান, আই আই টি ক সপ্তদশ স্থান আৰু আই আই টি মাদ্ৰাছক তালিকাখনত অষ্টাদশ স্থান দিয়া হৈছে। তালিকাখনত স্থান পোৱা আনকেইখন শিক্ষানুষ্ঠান হ’ল-আই আই টি, কানপুৰ (২১ সংখ্যক), আই আই টি, খড়গপুৰ (২৪সংখ্যক), দিল্লী বিশ্ববিদ্যালয় (৪১সংখ্যক), আই আই টি ৰুড়কী (৫১সংখ্যক), কলিকতা বিশ্ববিদ্যালয় (৬৪সংখ্যক), যাদৱপুৰ বিশ্ববিদ্যালয় (৭৪সংখ্যক), মুম্বাই বিশ্ববিদ্যালয় (৮২সংখ্যক), আন্না বিশ্ববিদ্যালয় (৮৫ সংখ্যক) আৰু আই আই টি, হায়দৰাবাদ (১০০সংখ্যক)। উল্লেখযোগ্য যে ব্রিকছ দেশকেইখনত মুঠ তালিকাখনৰ প্রথম তিনিটা স্থানত চীনৰ বিশ্ববিদ্যালয়ে স্থান পাইছে। ৩৫০খন উচ্চ শিক্ষানুষ্ঠান আছে। ইয়াৰে ৭৯খন ভাৰতত আছে। প্রথম স্থানত থকা চীনৰ শিক্ষানুষ্ঠানখন হ’ল ঝিনহুৱা বিশ্ববিদ্যালয়।

মন্তব্য দিয়ক