আজিৰ ৰাশিফল : ৬ ডিচেম্বৰ, ২০১৭

0
53

বুধবাৰ, ৬ ডিচেম্বৰ, ১৯ আঘোণ, ১৬ ৰবি আউৱাল। শ্ৰীশ্ৰীশংকৰাব্দ ৫৬৯, শকাব্দ ১৯৩৯, খ্ৰীষ্টাব্দ ২০১৭।

মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। স্বাস্থ্য মজলীয়া। কোনোৱে কফজনিত অসুখত ভুগিবও পাৰে। দুই-এটা খুত-খাতবাদে ঘৰুৱা জীৱন সুখৰেই পাব। কর্মক্ষেত্ৰত সহায়-সহযোগ পাব।

বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র। শুভ সংখ্যা ২, ৬। শুভ ৰং কফি। দিনটো ভালেই যাব। অপ্রত্যাশিতভাৱে কোনো সু-খবৰ পাব পাৰে। কথা-বার্তত সাৱধান হ’ব। কথাত পিছল খাই অপদস্থ হ’ব পাৰে। দাম্পত্যত সুখী। প্ৰৱাসত থকা সন্তানৰ পৰা সু-খবৰ লাভ। আর্থিক উন্নতিৰ যোগ৷

মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং বগা। দিনটো ভালেই যাব। মন ফৰকাল। প্ৰৱাসত থকা সন্তানৰ বাবে অৱশ্যে কিছুচিন্তিত। শনি-শুক্র অশুভ হৈ আছে যদি ঘৰুৱা ক্ষেত্ৰত কিছু আমনি পাব। স্বাস্থ্যয়ো আমনি দিব পাৰে।

কর্কটঃ ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং ক’লা। মাতৃৰ আশিস লৈ দিনটােৰ কামত আগবাঢ়ক সফল হ’ব। আর্থিক উন্নতিৰ যোগ। শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে শুভ। নতুন সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে। সৃষ্টিমূলক কামত ৰাপ বাঢ়িব।

সিংহঃ ৰাশিৰ আদ্যক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। কামবিলাক ঠিকে-ঠাকে হৈ নুঠাত মনত এটা খুদুৱনি ভাব। সন্তানৰ উন্নতিত বাধা বুজায়। বিদ্যাতে সেই একেই। দাম্পত্য জীৱনত থাকিব।

কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং সেউজীয়া। ব্যৱসায়-বাণিজ্যত উন্নতি। বিদ্যাৰ্থীৰ একাগ্রতা বৃদ্ধি। আর্থিক সমস্যা সমাধানৰ বাবে কোনো নতুন উৎসই দেখা দিব পাৰে। খেলা-ধূলা, অভিনয় আদিত অনুকুল।

তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র। শুভ সংখ্যা ৫, ৬। শুভ ৰং সোণালী। বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰিলেও আপুনি ধৈর্য আৰু সহ্য গুণৰ বলত সেইবোৰ চম্ভালি ল’বও পাৰিব। ভ্ৰমণৰ জো-যা হ’ব পাৰে। স্বাস্থ্য প্রায় ভালেই। চিকিৎসক, আইনজীৱী আদি বৃত্তিধাৰীৰ বাবে অনুকূল।

বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল। শুভ সংখ্যা ৩, ৯। শুভ ৰং গুলপীয়া। ৰাশিৰ কেন্দ্ৰত ত্ৰিগ্ৰহ আৰু ক্ষেত্ৰ সিংহাসনী আদি শুভ যোগ হােৱা সত্ত্বেও, শনিৰ সাৰে সাত মাংগলিক যোগ আদি অশুভ যোগ হােৱাত দিনটোৰ প্ৰায় কর্মতে শুভাশুভ মিশ্রিত ফল পাব।

ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি। শুভ সংখ্যা ৩, ৯। শুভ ৰং পাতল নীলা। বহু দিনৰ পৰা আশা কৰি থকা সু-খবৰটাে পাব পাৰে। ক্ষেত্র বিশেষে পাণ্ডিত্য প্রতিভা প্রকাশ পাব। লেখক-লেখিকা তথা বুদ্ধিজীৱীৰ বাবে অনুকূল। সামাজিক কামত জনপ্রিয় হ’ব।

মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ শনি। শুভ সংখ্যা ৬,৭। শুভ ৰং নীলা। ঘৰুৱা জীৱন সুখৰেই। শত্ৰুৰ ষড়যন্ত্র সফল নহ’ব। খৰচপাতি বৃদ্ধি পালেও সেই অনুপাতে উপার্জনাে হ’ব। লোকৰ হিতসাধি ভাল পাব। ওচৰ-চুবুৰীয়া তথা আত্মীয়স্বজনৰ লগত সদ্ভাব-সম্প্রীতি বৃদ্ধি পাব।

কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি। শুভ সংখ্যা ৪, ৭। শুভ ৰং হালধীয়া। কর্মত দক্ষতা প্রকাশ। আপোনাৰ কর্মদক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষেত্র বিশেষে প্রশংসিত হ’ব। পিতৃমাতৃ আপোনাক লৈ সুখী। সমাজত প্রতিপত্তি অটুট থাকিব। যশ-মান পাব।

মীনঃ ৰাশিৰ আদ্যক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সেউজীয়া। সাহিত্য-সংগীত আদি কলাত পাৰদৰ্শিতা। আপুনি বিচক্ষণবুদ্ধিৰ বলত যিকোনো সমস্যা সহজে চম্ভালি ল’ব পাৰিব। প্রতিযোগিতামূলক কামত যোগ্যতা প্রকাশ। বিদ্যাত শুভ। দাম্পত্য জীৱন সুখ-শান্তিময়।

মন্তব্য দিয়ক