জীৱনৰ ধুমুহা আৰু ৰামধেনুৰ মাজেৰে বিৰামহীন যাত্রা

0
27

গুৱাহাটী : আধুনিক অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ অন্যতম কাণ্ডাৰী হােমেন বৰগোহাঞিয়ে আজি ৮৬ বছৰত ভৰি দিয়ে। বিচিত্র অভিজ্ঞতা, প্রজ্ঞা আৰু প্রতিভাৰে প্রোজ্জ্বল পাঁচাশী পৰিক্ৰমা পাৰ হৈ আহি আজি নতুন বর্ষত ভৰি দিছে বৰেণ্য লেখক-সাংবাদিকগৰাকীয়ে।একে সময়তে সর্বজনপ্রিয় এগৰাকী লেখক আৰু পথদ্রষ্টা সাংবাদিক হিচাপে দায়িত্ব পালন কৰি অহা এইগৰাকী বৰেণ্যৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখানত৷ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা উত্তীর্ণ হােৱাৰ পৰা পাছত বৰগোহাঞিয়ে জীৱনৰ এছােৱা গুৰুত্বপূর্ণ সময় অতিবাহিত কৰে কটন কলেজত। কটন কলেজৰ পৰাই উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্রী লাভ কৰা বৰগোহাঞিয়ে এই সময়ছােৱাতে জীৱনৰ কিছু অমূল্য অভিজ্ঞতা আহৰণ কৰে যিবোৰে পাছৰ পর্যায়ত তেওঁৰ সাহিত্যত প্রতিভাত হৈ উঠে। মূলতঃ কেইবাখনো কালজয়ী উপন্যাস আৰু নতুন শৈলী আৰু বিষয়বস্তুৰ গল্প সংকলনেৰে বৰগোহাঞিয়ে অসমীয়া সৃষ্টিশীল সাহিত্যৰ জগতখনক এক অনতিক্রম্য উচ্চতা প্রদান কৰিছে। অসামান্য এই সৃষ্টিৰাজিৰ জৰিয়তে তেওঁ সাম্প্রতিক সময়ৰ অন্যতম জনপ্রিয় এগৰাকী লেখক হিচাপেও চিহ্নিত হৈছে। হালধীয়া চৰায়ে বাওধান খায়, সুবালা, পিতা-পুত্র, মৎস্যগন্ধা, অস্তৰাগ, সাউদৰ পুতেকে নাও মেলি যায় আদি উপন্যাসৰ স্ৰষ্টা লেখকগৰাকীৰ ইছমাইল শ্বেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পই অসমীয়া গল্প সাহিত্যলৈ বিচিত্ৰত কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। খুব কম সংখ্যক কবিতা লিখিলেও তেওঁৰ অসাধাৰণ কাব্য প্রতিভাৰ পৰিচয় একমাত্র কাব্য সংকলন হৈমন্তীয়ে কঢ়িয়াই ফুৰিছে। তদুপৰি তেওঁৰ কাব্য ভাবনাৰ ব্যাপ্তি পাছৰ পর্যায়ত তেওঁৰ গদ্য লেখাসমূহলৈ প্ৰৱাহিত হােৱাটােও সচেতন পঢ়ুৱৈ আৰু সমালোচকসকলে লক্ষ্য কৰি আহিছে। আনহাতে, তেওঁৰ প্ৰেৰণাদায়ক আৰু ব্যক্তিগত ৰচনাৰাজিয়েও অসমীয়া সাহিত্যত এটা নতুন সংযোজন ঘটাবলৈ সক্ষম হৈছে আৰু এই ৰচনাৰ জৰিয়তে অসংখ্য লোকক লেখকজনে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে। পিতা-পুত্ৰ উপন্যাসৰ বাবে ১৯৭৮ চনত তেওঁলৈ সাহিত্য অকাদেমি বঁটা আগবঢ়োৱাৰ লগতে তেওঁৰ সাহিত্য-কৃতিৰ স্বীকৃতি হিচাপে ১৯৯২ চনত তেওঁক প্রদান কৰা হয় অসম উপত্যকা সাহিত্য বঁটা। ভালেমান গুৰুত্বপূর্ণ স্বীকৃতি আৰু সন্মান লাভ কৰিবলৈ সক্ষম হােৱা লেখকগৰাকীৰ জীৱনাদর্শ আৰু কৰ্মময়তাই প্রজন্মৰ পাছত প্রজন্মক প্রভাৱিত আৰু অনুপ্রাণিত কৰি আহিছে। এক আপোচহীন মানসিকতাৰ অধিকাৰী লেখকগৰাকীয়ে তেওঁৰ প্ৰথমখন গল্প সংকলন “বিভিন্ন কোৰাছ’’ প্ৰকাশৰ পাছতে চৰকাৰী ৰােষৰ বলি হৈ প্রশাসনিক বিষয়াৰ চাকৰি পৰিত্যাগ কৰে আৰু সক্রিয় সাংবাদিকতাত ভৰি থয়। অসমীয়া সাংবাদিকতাৰ জগতখনলৈ এই পদক্ষেপেই একপ্রকাৰ নতুন জোৱাৰ কঢ়িয়াই আনিবলৈ সক্ষম হয়। নীলাচল সাপ্তাহিকৰ জৰিয়তে সক্রিয় সাংবাদিকতা জীৱনৰ আৰম্ভণি হোৱা বৰগোহাঞিয়ে পাছত ভালেমান কাকত-আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনির্বাহ কৰি অসমীয়া সংবাদ জগতৰ উৎকৰ্ষ আৰু ব্যাপ্তিত বিপুল বৰঙনি আগবঢ়াইছে। অসমৰ সমাজ-ৰাজনৈতিক জীৱনৰ সৈতে অংগাংগীভাৱে জড়িত হৈ পৰা লেখক-সাংবাদিকগৰাকীয়ে জাতিৰ বিভিন্ন সংকট কালত অভিভাৱকৰ ভূমিকাও গ্রহণ কৰি আহিছে। সম্প্রতিও সক্রিয় সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা লেখক-সাংবাদিকগৰাকীলৈ আন্তৰিক শুভেচ্ছা-শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে তেখেতৰ সুদীর্ঘ সুস্থ জীৱন কামনা কৰিছো।

মন্তব্য দিয়ক