আজিৰ ৰাশিফল : ৭ ডিচেম্বৰ, ২০১৭

1
54

বৃহস্পতিবাৰ, ৭ ডিচেম্বৰ, ২০ আঘোণ, ১৭ ৰবি আউৱাল। শ্ৰীশ্ৰীশংকৰাব্দ ৫৬৯, শকােব্দ ১৯৩৯, খ্রীষ্টাব্দ ২০১৭।

মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। মংগল অশুভ ভাবত আছে যদি দাম্পত্য জীৱনক লৈ সুখী নহ’ব। সংগ দোষৰ পৰা সাৱধান হােৱা ভাল হ’ব। ব্যৱসায়ত জড়িতসকলে ভালকৈ চকু নাৰাখিলে ক্ষতিৰহে সম্ভাৱনা। শৰীৰ ভালেই। আপোনাৰ মধুৰ ব্যৱহাৰত শত্ৰু-মিত্ৰ সকলো মুগ্ধ হ’ব।

বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। পতি বা পত্নীৰ শৰীৰ ভালোনাথাকিব পাৰে। অস্থিৰ চিন্তা মনৰ পৰা আঁতৰাই ৰাখক। আর্থিক দিশত সুশে বেয়া নহয়। ভ্রাতৃৰ উন্নতিত বাধা বুজায়। মাতৃৰ মনত গ্নতা।

মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং পাতল নীলা। আপোনাৰ গাত সুপ্ত হৈ থকা মৌলিক প্রতিভাৰ স্মৃত্যুৰণ ঘটিব। কর্মত দৃঢ়তা আৰু সাহসিকতা থাকিব। মান-মর্যাদা পাব। বেপাৰ-বাণিজ্যত যথেষ্ট উন্নতি বুজায়। মন প্ৰফুল্লিত থাকিব।

কর্কটঃ ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং কফি। স্বাস্থ্য মজলীয়া। চন্দ্ৰ অশুভ হৈ থকাসকলে কাঁহ-কফ আদি সোঁচৰা ব্যাধিত ভুগিব পাৰে। মাতৃৰ শৰীৰাে দুর্বল বুজায়। পাৰিবাৰিক জীৱন খুব উন্নত নাপাব। ব্যৱসায়-বাণিজ্যত মধ্যম।

সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। শৰীৰ প্ৰায় ভালেই। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। আর্থিক সমস্যা কিছু সমাধা হ’ব। প্ৰৱাসত থকা সন্তানক লৈ চিন্তিত। বিদ্যা-বুদ্ধিত বেয়া নহয়।

কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং সেউজীয়া। এলাহ ভাবটােৱে কিছুমান জৰুৰী কামৰ অগ্ৰগতিত বাধা দিব। ধর্মত মতি। নিৰিবিলিভাৱে শান্তিৰে থাকি ভাল পাব। দাম্পত্যত সুখী। ব্যৱসায়-বাণিজ্যত জড়িত যদি মনোযোগ দিয়ক, আর্থিক উন্নতিৰ যোগ।

তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র। শুভ সংখ্যা ৫, ৬। শুভ ৰং মুগা। ভ্ৰমণৰ যো-জা হ’ব পাৰে। আপুনি বুদ্ধিচাতুর্যৰ বলত যিকোনো সমস্যা সহজে নিয়ন্ত্ৰণ কৰি ল’ব পাৰিব। স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰিব। প্ৰেমত শুভ।

বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ। মঙল। শুভ সংখ্যা ৩, ৯। শুভ ৰং কফি । ঘৰুৱা পৰিৱেশ আন দিনাতকৈ উন্নত। বিবাহযোগ্যৰ বিবাহৰ যোগাযোগত শুভ। প্রেম বিবাহ হ’ব পাৰে। দৰা বা কন্যাৰ ঘৰ ওচৰৰে। খৰচ বৃদ্ধি।

ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি। শুভ সংখ্যা ৩, ৯। শুভ ৰং ক’লা। ঘৰুৱা জীৱন খুব উন্নত নাপাব। সংগ দোষ এৰাই চলক। আপুনি আন্তৰিকতাৰে আনৰ ভালৰ বাবে কাম কৰিলেও মানুহে কিন্তু সন্দেহৰ চকুৰেহে চাব।

মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বেঙুনীয়া। দিনটাে ভালেই যাব। অপ্রত্যাশিতভাৱে কোনো সুখবৰ পাব পাৰে। কৰ্মত সততা আৰু নিষ্ঠা থাকিব। শৰীৰ প্ৰায় ভালেই। সামাজিক কামৰ মাজেদি মান-মর্যাদা পাব।

কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি। শুভ সংখ্যা ৪, ৭। শুভ ৰং নীলা। সা-সম্পত্তি বেচা-কিনাৰ কথাত বেয়া নহয়। যোগাযোগত শুভ। আপোনাৰ উন্নতিৰ বিপৰীত লিংগৰ প্ৰভাৱ দেখায়। কর্মত উৎসাহ-উদ্দীপনা। ক্ষেত্ৰ বিশেষে পাণ্ডিত্য প্রতিভা প্ৰকাশৰ সুযোগ পাব।

মীনঃ ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। সামাজিক প্রতিপত্তি, মান-মর্যাদা অটুট থাকিব। ব্যৱসায়ত প্ৰচুৰ উন্নতিৰ যোগ। পত্নীৰ বিচক্ষণ বুদ্ধিৰ বলত ঘৰুৱা সমস্যাবোৰ সহজে চম্ভালি ল’ব পাৰিব। দাম্পত্যত সুখী। শৰীৰ ভালেই।

১ মন্তব্য

মন্তব্য দিয়ক