অহা সপ্তাহত বিয়া বিৰাট- অনুষ্কাৰ

0
47

মুম্বাই : টেলিভিছনৰ বিজ্ঞাপন ছবিত একেলগে কাম কৰাৰ পাছতেই দেশবাসীৰ মাজত চৰ্চিত হৈ পৰা এটা যুটি। ২০১৩ চনত বিজ্ঞাপন ছবিত অভিনয়ৰ সময়তেই হিয়া দিয়া-নিয়া হােৱা এই যুটিটােক দেশৰ ক্ৰীড়ানুৰাগী আৰু সংস্কৃতিপ্রেমীয়ে বাস্তৱ জীৱনৰ যুটিৰ ৰূপতো কল্পনা কৰিবলৈ ধৰিলে। চাৰি বছৰ ধৰি যুটিটােৱে দেশৰ লগতে বিদেশতো একেলগে ঘূৰা-ফুৰা কৰি চৰ্চাৰ মাজলৈ অহাৰ সময়তে শেহতীয়াকৈ বাস্তৱ জীৱনৰ সংগী হিচাপে আনুষ্ঠানিকতা সম্পন্ন কৰাৰ মন মেলিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, অহা ৯– ১৩ ডিচেম্বৰৰ মাজত এই যুটিটােৰ বহুচর্চিত বিবাহ সম্পন্ন হ’ব। ইটালীত বিবাহ সম্পন্ন কৰিবলৈ সাজু হােৱা এই যুটিটাে কোন হ’ব পাৰে ? বিবাহৰ চৰ্চাৰ মাজলৈ অহা এই যুটিটােৰ এগৰাকী হৈছে ক্রিকেটাৰ আৰু আনগৰাকী বলীউড অভিনেত্রী। ক্রিকেটাৰ আৰু বলীউডৰ সম্পর্ক তাহানিৰে পৰা চলি আহিছে আৰু সেই পৰম্পৰাকেই আগবঢ়াই নি বিবাহপাশত আবদ্ধ হ’ব প্রেমিক ক্রিকেটাৰ আৰু প্রেমিকা অভিনেত্রী। এই যুটিটােৰ প্রেমিক ক্রিকেটাৰগৰাকী হৈছে বিশ্ব ক্রিকেটৰ সাম্প্রতিক সময়ত এগৰাকী মহান বেট্‌ছমেন হিচাপে উজ্জীৱিত ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি। আনহাতে প্রেমিকা অভিনেত্রীগৰাকী হৈছে বলীউডৰ অন্যতম জনপ্রিয় অভিনেত্রী অনুষ্কা শর্ম। ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব গ্রহণ কৰি বিৰাট কোহলিয়ে ইটােৰ পাছত সিটাে ব্যক্তিগত অভিলেখ গঢ়াৰ সমান্তৰালকৈ প্রেমিকাৰ সৈতেও প্ৰেমৰ সম্পৰ্ক সুন্দৰকৈ অটুট ৰাখিছে৷দেশৰ ভিতৰতে নহয় বিদেশতো ক্ৰিকেট খেলিবলৈ যোৱা কোহলিক সংগ দিয়ে অভিনেত্রী অনুষ্কা শৰ্মাই। প্ৰেমৰ সম্পৰ্কক লৈ উৎসাহী দেশবাসীয়ে শীঘ্ৰেই বিৰাট অনুষ্কাক বাস্তৱ জীৱনৰ দম্পতী হিচাপে লাভ কৰিব। মন কৰিবলগীয়া যে ২০১৩ চনত বিজ্ঞাপন ছবিত অভিনয়ৰ সুযোগতে হিয়া দিয়া-নিয়া হােৱা বিৰাট-অনুষ্কাৰ সম্পর্ক ২০১৫ চনৰ মাজভাগত ছিন্ন হােৱা বুলি চৰ্চা হৈছিল যদিও ২০১৫ ৱৰ্ল্ড কাপৰ সময়ত নিউজিলেণ্ড আৰু অষ্ট্রেলিয়াত অনুষ্কাই বিৰাটৰ সৈতে সংগ দি সেই গুজবক ভুল বুলি প্রমাণ কৰিছিল। তেতিয়াৰে পৰা দুয়োগৰাকীয়ে সম্পৰ্কক মধুৰ কৰি তোলাই নহয়, অৱশেষত যুগ্মজীৱনৰ সংগী কৰি ল’বলৈও সিদ্ধান্ত গ্রহণ কৰিলে। চৰ্চা মতে, ইটালীত ৯-১৩ ডিচেম্বৰৰ ভিতৰত বিৰাট অনুষ্কাৰ বিবাহ সম্পন্ন হ’ব। এই তথ্যটাে এই কাৰণেই চর্চিত হৈছে যে অহা ১০ ডিচেম্বৰৰ পৰা শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ সীমিত অভাৰৰ ছিৰিজটােত বিৰাট কোহলিক বিশ্রাম দিয়া হৈছে। এই জিৰণিৰ সময়তে বহুপ্রত্যাশিত বৈবাহিক জীৱনৰ শুভাৰম্ভ বিৰাট কোহলিয়ে কৰিব বুলি চর্চিত হৈছে।

মন্তব্য দিয়ক